ref10:84(Relationship between Iman & Tawakkal with references)

ref10:84(Relationship between Iman & Tawakkal  with references)
وَقَالَ مُوسَىٰ يَا قَوْمِ إِنْ كُنْتُمْ آمَنْتُمْ بِاللَّهِ فَعَلَيْهِ تَوَكَّلُوا إِنْ كُنْتُمْ مُسْلِمِينَ
আৰু মুছাই ক’লে, ‘হে মোৰ সম্প্ৰদায়! যদি তোমালোকে আল্লাহৰ ওপৰত ঈমান আনিছা, তেন্তে তোমালোকে কেৱল তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰা, যদি তোমালোকে (প্ৰকৃত) মুছলিম’।
.
ref:39:36, 65:3, 11:123, 67:29, 73:9, 1:5.
৩৯:৩৬
أَلَيْسَ اللَّهُ بِكَافٍ عَبْدَهُ ۖ وَيُخَوِّفُونَكَ بِالَّذِينَ مِنْ دُونِهِ ۚ وَمَنْ يُضْلِلِ اللَّهُ فَمَا لَهُ مِنْ هَادٍ
আল্লাহেই তেওঁৰ বান্দাৰ বাবে যথেষ্ট নহয় নে? অথচ সিহঁতে তোমাক আল্লাহৰ পৰিবৰ্তে আনৰ ভয় দেখুৱায়। আল্লাহে যাক পথভ্ৰষ্ট কৰে তাৰ বাবে কোনো হিদায়তকাৰী নাই।
.
৬৫:৩
وَيَرْزُقْهُ مِنْ حَيْثُ لَا يَحْتَسِبُ ۚ وَمَنْ يَتَوَكَّلْ عَلَى اللَّهِ فَهُوَ حَسْبُهُ ۚ إِنَّ اللَّهَ بَالِغُ أَمْرِهِ ۚ قَدْ جَعَلَ اللَّهُ لِكُلِّ شَيْءٍ قَدْرًا
আৰু তেওঁ তাক তাৰ ধাৰণাতীত উৎসৰ পৰা জীৱিকা দান কৰিব; আৰু যি ব্যক্তিয়ে আল্লাহৰ প্ৰতি তাৱাক্কুল কৰিব তাৰ বাবে আল্লাহেই যথেষ্ট। নিশ্চয় আল্লাহে তেওঁৰ উদ্দেশ্য পূৰণ কৰিবই; নিশ্চয় আল্লাহে প্ৰতিটো বস্তুৰ বাবে এটা সময়সীমা নিৰ্ধাৰণ কৰি দিছে।
.
১১:১২৩
وَلِلَّهِ غَيْبُ السَّمَاوَاتِ وَالْأَرْضِ وَإِلَيْهِ يُرْجَعُ الْأَمْرُ كُلُّهُ فَاعْبُدْهُ وَتَوَكَّلْ عَلَيْهِ ۚ وَمَا رَبُّكَ بِغَافِلٍ عَمَّا تَعْمَلُونَ
আকাশসমূহ আৰু পৃথিৱীৰ গায়েব (ৰ সংবাদ) কেৱল আল্লাহৰেই কৰ্তৃত্বাধীন আৰু তেওঁৰ ওচৰতেই সকলো বিষয় প্ৰত্যাৱৰ্তন কৰোৱা হ’ব। সেয়ে তুমি কেৱল তেওঁৰেই ইবাদত কৰা আৰু তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰা। আৰু তোমালোকে যি কৰা সেই বিষয়ে তোমাৰ ৰব অমনোযোগী নহয়।
.
৬৭:২৯
قُلْ هُوَ الرَّحْمَٰنُ آمَنَّا بِهِ وَعَلَيْهِ تَوَكَّلْنَا ۖ فَسَتَعْلَمُونَ مَنْ هُوَ فِي ضَلَالٍ مُبِينٍ
কোৱা, তেৱেঁই পৰম কৰুণাময়। আমি তেওঁৰ ওপৰতেই ঈমান আনিছো আৰু তেওঁৰ ওপৰতেই ভৰসা কৰিছো। গতিকে তোমালোকে অনতিপলমে জানিবলৈ পাবা কোনে স্পষ্ট বিভ্ৰান্তিত আছে।
.
৭৩:৯
رَبُّ الْمَشْرِقِ وَالْمَغْرِبِ لَا إِلَٰهَ إِلَّا هُوَ فَاتَّخِذْهُ وَكِيلًا
তেৱেঁই পূৱ আৰু পশ্চিমৰ ৰব, তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই। এতেকে তেওঁকেই তুমি কাৰ্য সম্পাদনকাৰীৰূপে গ্ৰহণ কৰা।
.
১:৫
إِيَّاكَ نَعْبُدُ وَإِيَّاكَ نَسْتَعِينُ
আমি কেৱল তোমাৰেই ইবাদত কৰোঁ, আৰু তোমাৰ ওচৰতেই সাহায্য প্ৰাৰ্থনা কৰোঁ
.....syedraf.....

Comments

Popular posts from this blog

War and Peace

2:6-Note

3:158