ref8:2-4
ref8:2-4
8/62, 64, 74, 9/100, 48/29, 57/10
.
৮:৬২
وَإِنْ يُرِيدُوا أَنْ يَخْدَعُوكَ فَإِنَّ حَسْبَكَ اللَّهُ ۚ هُوَ الَّذِي أَيَّدَكَ بِنَصْرِهِ وَبِالْمُؤْمِنِينَ
আৰু যদি সিহঁতে তোমাক প্ৰতাৰিত কৰিব বিচাৰে তেন্তে তোমাৰ বাবে আল্লাহেই যথেষ্ট, নিশ্চয় তেওঁ তোমাক নিজ সহায়ৰ দ্বাৰা আৰু মুমিনসকলৰ দ্বাৰা শক্তিশালী কৰিছে।
.
৮:৬৪
يَا أَيُّهَا النَّبِيُّ حَسْبُكَ اللَّهُ وَمَنِ اتَّبَعَكَ مِنَ الْمُؤْمِنِينَ
হে নবী! তোমাৰ বাবে আৰু তোমাৰ অনুসাৰীসকলৰ বাবে আল্লাহেই যথেষ্ট।
.
৮:৭৪
وَالَّذِينَ آمَنُوا وَهَاجَرُوا وَجَاهَدُوا فِي سَبِيلِ اللَّهِ وَالَّذِينَ آوَوْا وَنَصَرُوا أُولَٰئِكَ هُمُ الْمُؤْمِنُونَ حَقًّا ۚ لَهُمْ مَغْفِرَةٌ وَرِزْقٌ كَرِيمٌ
আৰু যিসকলে ঈমান আনিছে, হিজৰত কৰিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে, আৰু যিসকলে আশ্ৰয় প্ৰদান কৰিছে লগতে সহায় কৰিছে, তেওঁলোকেই প্ৰকৃত মুমিন; তেওঁলোকৰ বাবেই আছে ক্ষমা আৰু সন্মানজনক জীৱিকা।
.
৯:১০০
وَالسَّابِقُونَ الْأَوَّلُونَ مِنَ الْمُهَاجِرِينَ وَالْأَنْصَارِ وَالَّذِينَ اتَّبَعُوهُمْ بِإِحْسَانٍ رَضِيَ اللَّهُ عَنْهُمْ وَرَضُوا عَنْهُ وَأَعَدَّ لَهُمْ جَنَّاتٍ تَجْرِي تَحْتَهَا الْأَنْهَارُ خَالِدِينَ فِيهَا أَبَدًا ۚ ذَٰلِكَ الْفَوْزُ الْعَظِيمُ
মুহাজিৰ আৰু আনচাৰসকলৰ মাজত যিসকল প্ৰথম অগ্ৰগামী লগতে যিসকলে ইহছানৰ সৈতে তেওঁলোকৰ অনুসৰণ কৰে, আল্লাহে তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তুষ্ট হৈছে। আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰিছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক চিৰস্থায়ী হ’ব। এইটোৱে মহাসফলতা।
.
৪৮:২৯
مُحَمَّدٌ رَسُولُ اللَّهِ ۚ وَالَّذِينَ مَعَهُ أَشِدَّاءُ عَلَى الْكُفَّارِ رُحَمَاءُ بَيْنَهُمْ ۖ تَرَاهُمْ رُكَّعًا سُجَّدًا يَبْتَغُونَ فَضْلًا مِنَ اللَّهِ وَرِضْوَانًا ۖ سِيمَاهُمْ فِي وُجُوهِهِمْ مِنْ أَثَرِ السُّجُودِ ۚ ذَٰلِكَ مَثَلُهُمْ فِي التَّوْرَاةِ ۚ وَمَثَلُهُمْ فِي الْإِنْجِيلِ كَزَرْعٍ أَخْرَجَ شَطْأَهُ فَآزَرَهُ فَاسْتَغْلَظَ فَاسْتَوَىٰ عَلَىٰ سُوقِهِ يُعْجِبُ الزُّرَّاعَ لِيَغِيظَ بِهِمُ الْكُفَّارَ ۗ وَعَدَ اللَّهُ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ مِنْهُمْ مَغْفِرَةً وَأَجْرًا عَظِيمًا
মুহাম্মদ আল্লাহৰ ৰাছুল, আৰু তেওঁৰ সহচৰসকল কাফিৰসকলৰ প্ৰতি অতি কঠোৰ, পৰস্পৰৰ মাজত সহানুভূতিশীল; আল্লাহৰ অনুগ্ৰহ আৰু সন্তুষ্টি কামনাত তুমি তেওঁলোকক ৰুকু আৰু ছাজদাহত অৱনত দেখিবা। তেওঁলোকৰ লক্ষণ তেওঁলোকৰ মুখমণ্ডলত ছাজদাৰ প্ৰভাৱত পৰিস্ফুট; এইটোৱে তাওৰাতত তেওঁলোকৰ দৃষ্টান্ত। ইঞ্জীলত তেওঁলোকৰ দৃষ্টান্ত হৈছে এনেকুৱা এটি গছপুলিৰ দৰে, যিটোৰ পৰা ওলায় কোমল পাত, তাৰ পিছত সেয়া মজবুত হয় আৰু পুষ্ট হয় আৰু পিছত দৃঢ়ভাৱে কাণ্ডৰ ওপৰত থিয় দিয়ে, যিটো খেতিয়কৰ বাবে বৰ আনন্দদায়ক। এইদৰে আল্লাহে মুমিনসকলৰ সমৃদ্ধিৰ দ্বাৰা কাফিৰসকলৰ অন্তৰ্দহন বৃদ্ধি কৰে। যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক ক্ষমা আৰু মহাপ্ৰতিদানৰ প্ৰতিশ্ৰুতি দিছে।
.
৫৭:১০
وَمَا لَكُمْ أَلَّا تُنْفِقُوا فِي سَبِيلِ اللَّهِ وَلِلَّهِ مِيرَاثُ السَّمَاوَاتِ وَالْأَرْضِ ۚ لَا يَسْتَوِي مِنْكُمْ مَنْ أَنْفَقَ مِنْ قَبْلِ الْفَتْحِ وَقَاتَلَ ۚ أُولَٰئِكَ أَعْظَمُ دَرَجَةً مِنَ الَّذِينَ أَنْفَقُوا مِنْ بَعْدُ وَقَاتَلُوا ۚ وَكُلًّا وَعَدَ اللَّهُ الْحُسْنَىٰ ۚ وَاللَّهُ بِمَا تَعْمَلُونَ خَبِيرٌ
আৰু তোমালোকৰ কি হ’ল, তোমালোকে আল্লাহৰ পথত খৰচ নকৰা কিয়? অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ মীৰাছ কেৱল আল্লাহৰেই। তোমালোকৰ মাজত যিসকলে বিজয়ৰ আগত ব্যয় কৰিছে আৰু যুদ্ধ কৰিছে, তেওঁলোক (আৰু পৰৱৰ্তীসকল) সমান নহয়। তেওঁলোক সিহঁততকৈ মৰ্যাদাত শ্ৰেষ্ঠ যিসকলে পৰৱৰ্তী সময়ত ব্যয় কৰিছে আৰু যুদ্ধ কৰিছে। কিন্তু আল্লাহে উভয়ৰ বাবেই কল্যাণৰ প্ৰতিশ্ৰুতি দিছে; আৰু তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।
...raf...
Comments
Post a Comment