6:137-ref-No abortion
46:15; 31:14; 22:5; 23:14; 16:58
and 17:31.
.
৪৬:১৫
وَوَصَّيْنَا الْإِنْسَانَ بِوَالِدَيْهِ إِحْسَانًا ۖ حَمَلَتْهُ أُمُّهُ كُرْهًا وَوَضَعَتْهُ كُرْهًا ۖ وَحَمْلُهُ وَفِصَالُهُ ثَلَاثُونَ شَهْرًا ۚ حَتَّىٰ إِذَا بَلَغَ أَشُدَّهُ وَبَلَغَ أَرْبَعِينَ سَنَةً قَالَ رَبِّ أَوْزِعْنِي أَنْ أَشْكُرَ نِعْمَتَكَ الَّتِي أَنْعَمْتَ عَلَيَّ وَعَلَىٰ وَالِدَيَّ وَأَنْ أَعْمَلَ صَالِحًا تَرْضَاهُ وَأَصْلِحْ لِي فِي ذُرِّيَّتِي ۖ إِنِّي تُبْتُ إِلَيْكَ وَإِنِّي مِنَ الْمُسْلِمِينَ
আৰু আমি মানুহক সিহঁতৰ পিতৃ-মাতৃৰ প্ৰতি সদয় ব্যৱহাৰৰ নিৰ্দেশ প্ৰদান কৰিছো। তাৰ মাকে তাক বহু কষ্টেৰে গৰ্ভত ধাৰণ কৰিছিল আৰু বহু কষ্টেৰে প্ৰসৱ কৰিছিল, তাক গৰ্ভত ধাৰণ কৰা আৰু স্তনপান এৰুৱাবলৈ লাগিছিল ত্ৰিশ মাহ, অৱশেষত যেতিয়া সি পূৰ্ণ শক্তিপ্ৰাপ্ত হয় আৰু চল্লিশ বছৰত উপনীত হয়, তেতিয়া সি কয়, হে মোৰ ৰব! তুমি মোক সামৰ্থ দিয়া, যাতে মই তোমাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰো, মোৰ প্ৰতি আৰু মোৰ পিতৃ-মাতৃৰ প্ৰতি তুমি যি অনুগ্ৰহ কৰিছা তাৰ বাবে লগতে যাতে মই এনেকুৱা সৎকৰ্ম কৰিব পাৰো যিটো তুমি পছন্দ কৰা, আৰু মোৰ বাবে মোৰ সন্তান-সন্ততিসকলক সংশোধন কৰি দিয়া, নিশ্চয় মই তোমাৰেই অভিমুখী হৈছো আৰু নিশ্চয় মই মুছলিমসকলৰ অন্তৰ্ভুক্ত।
.
৩১:১৪
وَوَصَّيْنَا الْإِنْسَانَ بِوَالِدَيْهِ حَمَلَتْهُ أُمُّهُ وَهْنًا عَلَىٰ وَهْنٍ وَفِصَالُهُ فِي عَامَيْنِ أَنِ اشْكُرْ لِي وَلِوَالِدَيْكَ إِلَيَّ الْمَصِيرُ
আৰু আমি মানুহক তাৰ পিতৃ-মাতৃৰ প্ৰতি সদাচৰণৰ নিৰ্দেশ দিছো। তাৰ মাকে তাক কষ্টৰ পিছত কষ্ট সহ্য কৰি গৰ্ভত ধাৰণ কৰিছে, আৰু তাৰ স্তন-পান এৰুৱাৰ সময় হৈছে দুবছৰ। এতেকে মোৰ প্ৰতি আৰু তোমাৰ পিতৃ-মাতৃৰ প্ৰতি কৃতজ্ঞ হোৱা। প্ৰত্যাৱৰ্তন কেৱল মোৰ ওচৰতেই।
.
২২:৫
يَا أَيُّهَا النَّاسُ إِنْ كُنْتُمْ فِي رَيْبٍ مِنَ الْبَعْثِ فَإِنَّا خَلَقْنَاكُمْ مِنْ تُرَابٍ ثُمَّ مِنْ نُطْفَةٍ ثُمَّ مِنْ عَلَقَةٍ ثُمَّ مِنْ مُضْغَةٍ مُخَلَّقَةٍ وَغَيْرِ مُخَلَّقَةٍ لِنُبَيِّنَ لَكُمْ ۚ وَنُقِرُّ فِي الْأَرْحَامِ مَا نَشَاءُ إِلَىٰ أَجَلٍ مُسَمًّى ثُمَّ نُخْرِجُكُمْ طِفْلًا ثُمَّ لِتَبْلُغُوا أَشُدَّكُمْ ۖ وَمِنْكُمْ مَنْ يُتَوَفَّىٰ وَمِنْكُمْ مَنْ يُرَدُّ إِلَىٰ أَرْذَلِ الْعُمُرِ لِكَيْلَا يَعْلَمَ مِنْ بَعْدِ عِلْمٍ شَيْئًا ۚ وَتَرَى الْأَرْضَ هَامِدَةً فَإِذَا أَنْزَلْنَا عَلَيْهَا الْمَاءَ اهْتَزَّتْ وَرَبَتْ وَأَنْبَتَتْ مِنْ كُلِّ زَوْجٍ بَهِيجٍ
হে মানৱ! যদি তোমালোকে পুনৰুত্থান সম্পৰ্কে সন্দেহত আছা তেন্তে জানি থোৱা, আমি তোমালোকক সৃষ্টি কৰিছো মাটিৰ পৰা, তাৰ পিছত শুক্ৰকীটৰ পৰা, তাৰ পিছত আলাক্বাৰ পৰা, তাৰ পিছত পূৰ্ণাকৃতি অথবা অপূৰ্ণাকৃতি মাংসপিণ্ডৰ পৰা—যাতে আমি বিষয়টো তোমালোকৰ ওচৰত সুস্পষ্টৰূপে প্ৰকাশ কৰি দিওঁ। আমাৰ ইচ্ছানুসৰি সেয়া (শুক্ৰকীটক) এটা নিৰ্দিষ্ট সময়ৰ বাবে মাতৃগৰ্ভত স্থিত ৰাখো, তাৰ পিছত আমি তোমালোকক শিশুৰূপে উলিয়াই আনো। যাতে তোমালোকে প্ৰাপ্তবয়সত উপনীত হোৱা। তোমালোকৰ মাজৰ কিছুমানক (আগতেই) মৃত্যু দিয়া হয় আকৌ আন কিছুমানক বুঢ়া বয়সৰ জৰাজীৰ্ণ অৱস্থালৈ প্ৰত্যাৰ্পণ কৰা হয়, যাৰ ফলত সি জনাৰ পিছতো একো নজনা হৈ পৰে। তুমি দেখা পোৱা যে, ভূমিখন শুকান হৈ পৰি আছে, তাৰ পিছত আমি তাত পানী বৰ্ষণ কৰোঁ, ফলত সেয়া সজীৱ হৈ ঠন ধৰি উঠে আৰু সকলো ধৰণৰ সুদৃশ্য উদ্ভিদ উৎপন্ন হয়;
.
২৩:১৪
ثُمَّ خَلَقْنَا النُّطْفَةَ عَلَقَةً فَخَلَقْنَا الْعَلَقَةَ مُضْغَةً فَخَلَقْنَا الْمُضْغَةَ عِظَامًا فَكَسَوْنَا الْعِظَامَ لَحْمًا ثُمَّ أَنْشَأْنَاهُ خَلْقًا آخَرَ ۚ فَتَبَارَكَ اللَّهُ أَحْسَنُ الْخَالِقِينَ
তাৰ পিছত আমি শুক্ৰবিন্দুক আলাকাত পৰিণত কৰোঁ, পিছত আলাকাক পৰিণত কৰোঁ মাংসপিণ্ডত, মাংসপিণ্ডক পৰিণত কৰোঁ অস্থিত, তাৰ পিছত অস্থিক ঢাকি দিওঁ মাংসৰে, অৱশেষত আমি তাক গঢ়ি তোলোঁ আন এটা সৃষ্টিৰূপে। এতেকে (চোৱা) সৰ্বোত্তম স্ৰষ্টা আল্লাহ কিমান বৰকতময়!
.
১৬:৫৮
وَإِذَا بُشِّرَ أَحَدُهُمْ بِالْأُنْثَىٰ ظَلَّ وَجْهُهُ مُسْوَدًّا وَهُوَ كَظِيمٌ
সিহঁতৰ কাৰোবাক যেতিয়া কন্যা সন্তানৰ সুসংবাদ দিয়া হয় তেতিয়া তাৰ মুখমণ্ডল ক’লা পৰি যায় আৰু সি অসহনীয় মানসিক যন্ত্ৰণাত ক্লিষ্ট হৈ পৰে।
.
১৭:৩১
وَلَا تَقْتُلُوا أَوْلَادَكُمْ خَشْيَةَ إِمْلَاقٍ ۖ نَحْنُ نَرْزُقُهُمْ وَإِيَّاكُمْ ۚ إِنَّ قَتْلَهُمْ كَانَ خِطْئًا كَبِيرًا
অভাৱ-অনাটনৰ ভয়ত তোমালোকে নিজৰ সন্তানসকলক হত্যা নকৰিবা। আমিয়েই সিহঁতক জীৱিকা দিওঁ আৰু তোমালোককো। নিশ্চয় সিহঁতক হত্যা কৰা মহাপাপ।
...oo.. arranged..raf..
Comments
Post a Comment