ref of 6:123:

ref of 6:123:
25:31, 17:16, 34:31-35, 43:23, 71:22, 29:13, 16:25-raf
২৫:৩১
وَكَذَٰلِكَ جَعَلْنَا لِكُلِّ نَبِيٍّ عَدُوًّا مِنَ الْمُجْرِمِينَ ۗ وَكَفَىٰ بِرَبِّكَ هَادِيًا وَنَصِيرًا
(আল্লাহে ক’লে) ‘এইদৰেই আমি প্ৰত্যেক নবীৰ বাবে অপৰাধীবিলাকৰ মাজৰ পৰা শত্ৰু বনাই দিছো। তোমাৰ প্ৰতিপালকেই পথপ্ৰদৰ্শক আৰু সহায়কাৰীৰূপে যথেষ্ট’।
.
১৭:১৬
وَإِذَا أَرَدْنَا أَنْ نُهْلِكَ قَرْيَةً أَمَرْنَا مُتْرَفِيهَا فَفَسَقُوا فِيهَا فَحَقَّ عَلَيْهَا الْقَوْلُ فَدَمَّرْنَاهَا تَدْمِيرًا
আৰু আমি যেতিয়া কোনো জনপদক ধ্বংস কৰিব বিচাৰো তেতিয়া সেই ঠাইৰ সমৃদ্ধশালী ব্যক্তিসকলক (সৎকৰ্মৰ) আদেশ কৰো; কিন্তু সিহঁতে তাত অসৎকৰ্ম কৰে; তাৰ পিছত সেই ঠাইৰ প্ৰতি দণ্ডাজ্ঞা ন্যায়সংগত হৈ যায় আৰু আমি সেই ঠাইক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি দিওঁ।
.
34:31-35( pl see in Quran)
.
৪৩:২৩
وَكَذَٰلِكَ مَا أَرْسَلْنَا مِنْ قَبْلِكَ فِي قَرْيَةٍ مِنْ نَذِيرٍ إِلَّا قَالَ مُتْرَفُوهَا إِنَّا وَجَدْنَا آبَاءَنَا عَلَىٰ أُمَّةٍ وَإِنَّا عَلَىٰ آثَارِهِمْ مُقْتَدُونَ
আৰু এইদৰেই তোমাৰ পূৰ্বে যেতিয়াই আমি কোনো জনপদত কোনো এজন সতৰ্ককাৰী প্ৰেৰণ কৰিছো তেতিয়াই সেই ঠাইৰ বিলাসপ্ৰিয়বিলাকে কৈছে, ‘নিশ্চয় আমি আমাৰ পিতৃ-পুৰুষসকলক এটা মতাদৰ্শৰ ওপৰত পাইছো আৰু আমি তেওঁলোকৰেই পদাঙ্ক অনুসৰণ কৰি চলিম’।
.
৭১:২১-২২
قَالَ نُوحٌ رَبِّ إِنَّهُمْ عَصَوْنِي وَاتَّبَعُوا مَنْ لَمْ يَزِدْهُ مَالُهُ وَوَلَدُهُ إِلَّا خَسَارًا
নুহে ক’লে, ‘হে মোৰ প্ৰতিপালক! সিহঁতে মোক অমান্য কৰিছে আৰু এনে লোকৰ অনুসৰণ কৰিছে যাৰ ধন-সম্পদ আৰু সন্তান-সন্ততিয়ে কেৱল তাৰ ক্ষতিহে বৃদ্ধি কৰিছে’।
৭১:২২
وَمَكَرُوا مَكْرًا كُبَّارًا
আৰু সিহঁতে ভয়াৱহ ষড়যন্ত্ৰ কৰিছে;
.
২৯:১৩
وَلَيَحْمِلُنَّ أَثْقَالَهُمْ وَأَثْقَالًا مَعَ أَثْقَالِهِمْ ۖ وَلَيُسْأَلُنَّ يَوْمَ الْقِيَامَةِ عَمَّا كَانُوا يَفْتَرُونَ
আৰু অৱশ্যে সিহঁতে বহন কৰিব নিজৰ বোজা লগতে আৰু কিছুমান বোজা; আৰু সিহঁতে যি মিছা ৰটনা কৰিছিল সেই বিষয়ে সিহঁতক অৱশ্যে কিয়ামতৰ দিনা প্ৰশ্ন কৰা হ’ব।
.
১৬:২৫
لِيَحْمِلُوا أَوْزَارَهُمْ كَامِلَةً يَوْمَ الْقِيَامَةِ ۙ وَمِنْ أَوْزَارِ الَّذِينَ يُضِلُّونَهُمْ بِغَيْرِ عِلْمٍ ۗ أَلَا سَاءَ مَا يَزِرُونَ
ফলত কিয়ামতৰ দিনা সিহঁতে নিজৰ পাপকৰ্মৰ বোজা সম্পূৰ্ণৰূপে বহন কৰিব আৰু সিহঁতৰ বোজাও বহন কৰিব যিসকলক সিহঁতে অজ্ঞতাবশতঃ বিভ্ৰান্ত কৰিছে। চোৱা, সিহঁতে যি বহন কৰিব সেয়া কিমান নিকৃষ্ট!
....ooo....raf...

Comments

Popular posts from this blog

War and Peace

2:6-Note

3:158