Freedom of religion
Freedom of religion: 2:148, 2:193, 2:256, 4:88, 5:48, 6:104, 6:107, 7:177, 10:99,
12:108, 18:29, 22:39, 27:80, 39:41, 56:79,
73:19
.
২:১৪৮
وَلِكُلٍّ وِجْهَةٌ هُوَ مُوَلِّيهَا ۖ فَاسْتَبِقُوا الْخَيْرَاتِ ۚ أَيْنَ مَا تَكُونُوا يَأْتِ بِكُمُ اللَّهُ جَمِيعًا ۚ إِنَّ اللَّهَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
আৰু প্ৰত্যেকৰে একোটাকৈ দিশ আছে, সেই ফালেই সি মুখ কৰে, এতেকে তোমালোকে সৎকৰ্মত প্ৰতিযোগিতা কৰা। তোমালোকে য’তেই নাথাকা কিয় আল্লাহে তোমালোক সকলোকে সমবেত কৰিব। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
.
২:১৯৩
وَقَاتِلُوهُمْ حَتَّىٰ لَا تَكُونَ فِتْنَةٌ وَيَكُونَ الدِّينُ لِلَّهِ ۖ فَإِنِ انْتَهَوْا فَلَا عُدْوَانَ إِلَّا عَلَى الظَّالِمِينَ
আৰু তোমালোকে সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰিয়েই থাকিবা যেতিয়ালৈকে ফিতনা চুড়ান্তভাৱে দূৰীভূত নহয় আৰু দ্বীন একমাত্ৰ আল্লাহৰ বাবে নোহোৱালৈকে। তাৰ পিছত যদি সিহঁতে বিৰত হয় তেন্তে যালিমসকলৰ বাহিৰে আন কাৰো ওপৰত আক্ৰমণ নাই।
.
২:২৫৬
لَا إِكْرَاهَ فِي الدِّينِ ۖ قَدْ تَبَيَّنَ الرُّشْدُ مِنَ الْغَيِّ ۚ فَمَنْ يَكْفُرْ بِالطَّاغُوتِ وَيُؤْمِنْ بِاللَّهِ فَقَدِ اسْتَمْسَكَ بِالْعُرْوَةِ الْوُثْقَىٰ لَا انْفِصَامَ لَهَا ۗ وَاللَّهُ سَمِيعٌ عَلِيمٌ
দ্বীন গ্ৰহণৰ ক্ষেত্ৰত কোনো জোৰ-জবৰদস্তি নাই; সত্য পথ ভ্ৰান্ত পথৰ পৰা সুস্পষ্ট হৈছে। এতেকে যিয়ে তাগুতক অস্বীকাৰ কৰিব আৰু আল্লাহৰ প্ৰতি ঈমান আনিব সি এনেকুৱা এডাল 🦜ৰছীত খামুচি ধৰিলে যিডাল কেতিয়াও বিচ্ছিন্ন নহ’ব; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।
.
৪:৮৮
۞ فَمَا لَكُمْ فِي الْمُنَافِقِينَ فِئَتَيْنِ وَاللَّهُ أَرْكَسَهُمْ بِمَا كَسَبُوا ۚ أَتُرِيدُونَ أَنْ تَهْدُوا مَنْ أَضَلَّ اللَّهُ ۖ وَمَنْ يُضْلِلِ اللَّهُ فَلَنْ تَجِدَ لَهُ سَبِيلًا
এতেকে তোমালোকৰ কি হ’ল, তোমালোকে মুনাফিকসকলৰ বিষয়ে দুই দলত বিভক্ত হৈ গ’লা? অথচ সিহঁতে যি অৰ্জন কৰিছে তাৰবাবে আল্লাহে সিহঁতক পূৰ্বাৱস্থালৈ ওভোতাই দিছে। আল্লাহে যাক পথভ্ৰষ্ট কৰিছে তোমালোকে তাক সৎপথত পৰিচালিত কৰিব বিচৰা নেকি? আৰু আল্লাহে কাৰোবাক পথভ্ৰষ্ট কৰিলে তুমি তাৰবাবে কেতিয়াও কোনো পথ বিচাৰি নাপাবা।
.
৫:৪৮
وَأَنْزَلْنَا إِلَيْكَ الْكِتَابَ بِالْحَقِّ مُصَدِّقًا لِمَا بَيْنَ يَدَيْهِ مِنَ الْكِتَابِ وَمُهَيْمِنًا عَلَيْهِ ۖ فَاحْكُمْ بَيْنَهُمْ بِمَا أَنْزَلَ اللَّهُ ۖ وَلَا تَتَّبِعْ أَهْوَاءَهُمْ عَمَّا جَاءَكَ مِنَ الْحَقِّ ۚ لِكُلٍّ جَعَلْنَا مِنْكُمْ شِرْعَةً وَمِنْهَاجًا ۚ وَلَوْ شَاءَ اللَّهُ لَجَعَلَكُمْ أُمَّةً وَاحِدَةً وَلَٰكِنْ لِيَبْلُوَكُمْ فِي مَا آتَاكُمْ ۖ فَاسْتَبِقُوا الْخَيْرَاتِ ۚ إِلَى اللَّهِ مَرْجِعُكُمْ جَمِيعًا فَيُنَبِّئُكُمْ بِمَا كُنْتُمْ فِيهِ تَخْتَلِفُونَ
আৰু আমি তোমাৰ প্ৰতি সত্যসহ কিতাব অৱতীৰ্ণ কৰিছো, ইয়াৰ পূৰ্বে অৱতীৰ্ণ হোৱা কিতাবসমূহৰ সত্যতা প্ৰতিপন্নকাৰী আৰু সেইবোৰৰ তদাৰককাৰীৰূপে। এতেকে আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী তুমি সিহঁতৰ বিচাৰ নিষ্পত্তি কৰা আৰু যি সত্য তোমাৰ ওচৰলৈ আহিছে সেইটো এৰি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। তোমালোকৰ প্ৰত্যেকৰে বাবে আমি একোটাকৈ চৰীয়ত আৰু স্পষ্ট পথ নিৰ্ধাৰণ কৰি দিছো। আৰু আল্লাহে ইচ্ছা কৰিলে তোমালোকক এটা উম্মত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰিব বিচাৰে। সেয়ে তোমালোকে সৎকামত প্ৰতিযোগিতা কৰা। আল্লাহৰ পিনেই তোমালোক সকলোৰেই প্ৰত্যাৱৰ্তনস্থল। এতেকে তোমালোকে যি বিষয়ত মতভেদ কৰিছিলা, সেই বিষয়ে তেওঁ তোমালোকক অৱগত কৰাব।
.
৬:১০৪
قَدْ جَاءَكُمْ بَصَائِرُ مِنْ رَبِّكُمْ ۖ فَمَنْ أَبْصَرَ فَلِنَفْسِهِ ۖ وَمَنْ عَمِيَ فَعَلَيْهَا ۚ وَمَا أَنَا عَلَيْكُمْ بِحَفِيظٍ
নিশ্চয় তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত অন্তৰ্দৃষ্টিৰ আলোক আহিছে। এতেকে যিয়ে প্ৰত্যক্ষ কৰিব সেইটোৰ দ্বাৰা সি নিজেই লাভৱান হ’ব, আৰু যিয়ে অন্ধ সাজিব তাত সি নিজেই ক্ষতিগ্ৰস্ত হ’ব। গতিকে মই তোমালোকৰ সংৰক্ষক নহয়।
.
৬:১০৭
وَلَوْ شَاءَ اللَّهُ مَا أَشْرَكُوا ۗ وَمَا جَعَلْنَاكَ عَلَيْهِمْ حَفِيظًا ۖ وَمَا أَنْتَ عَلَيْهِمْ بِوَكِيلٍ
আল্লাহে ইচ্ছা কৰিলে সিহঁতে শ্বিৰ্ক নকৰিলেহেঁতেন। আৰু আমি তোমাক সিহঁতৰ বাবে সংৰক্ষক বনোৱা নাই আৰু তুমি সিহঁতৰ তত্ত্বাৱধায়কো নহয়।
.
৭:১৭৭
سَاءَ مَثَلًا الْقَوْمُ الَّذِينَ كَذَّبُوا بِآيَاتِنَا وَأَنْفُسَهُمْ كَانُوا يَظْلِمُونَ
সেই সম্প্ৰদায়ৰ উপমা কিমান যে নিকৃষ্ট! যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, আৰু সিহঁতে নিজৰ প্ৰতিহে অন্যায় কৰিছিল।
.
১০:৯৯
وَلَوْ شَاءَ رَبُّكَ لَآمَنَ مَنْ فِي الْأَرْضِ كُلُّهُمْ جَمِيعًا ۚ أَفَأَنْتَ تُكْرِهُ النَّاسَ حَتَّىٰ يَكُونُوا مُؤْمِنِينَ
আৰু তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে পৃথিৱীত যিসকল আছে সিহঁত সকলোৱেই ঈমান আনিলেহেঁতেন; তেন্তে তুমি মানুহক মুমিন হ’বলৈ বাধ্য কৰাবা নেকি?
.
১২:১০৮
قُلْ هَٰذِهِ سَبِيلِي أَدْعُو إِلَى اللَّهِ ۚ عَلَىٰ بَصِيرَةٍ أَنَا وَمَنِ اتَّبَعَنِي ۖ وَسُبْحَانَ اللَّهِ وَمَا أَنَا مِنَ الْمُشْرِكِينَ
কোৱা, ‘এইটোৱেই মোৰ পথ, মই আৰু মোৰ অনুসাৰীসকলে পূৰ্ণ বিশ্বাসৰ সৈতে জানি-বুজি আল্লাহৰ প্ৰতি আহ্বান কৰো। আল্লাহ অতি পৱিত্ৰ মহান আৰু মই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহয়’।
.
১৮:২৯
وَقُلِ الْحَقُّ مِنْ رَبِّكُمْ ۖ فَمَنْ شَاءَ فَلْيُؤْمِنْ وَمَنْ شَاءَ فَلْيَكْفُرْ ۚ إِنَّا أَعْتَدْنَا لِلظَّالِمِينَ نَارًا أَحَاطَ بِهِمْ سُرَادِقُهَا ۚ وَإِنْ يَسْتَغِيثُوا يُغَاثُوا بِمَاءٍ كَالْمُهْلِ يَشْوِي الْوُجُوهَ ۚ بِئْسَ الشَّرَابُ وَسَاءَتْ مُرْتَفَقًا
আৰু কোৱা, ‘সত্য তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা (আহিছে), সেয়ে যাৰ ইচ্ছা সি ঈমান আনক আৰু যাৰ ইচ্ছা সি কুফৰী কৰক’। নিশ্চয় আমি যালিমসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছো অগ্নি, যাৰ প্ৰাচীৰবোৰে সিহঁতক পৰিবেষ্টন কৰি ৰাখিছে। সিহঁতে পানীয় বিচাৰিলে সিহঁতক দিয়া হ’ব গলিত ধাতুৰ দৰে পানীয়, যিয়ে সিহঁতৰ মুখমণ্ডল দগ্ধ কৰিব, এইটো বৰ নিকৃষ্ট পানীয়! আৰু জাহান্নাম কিমান যে নিকৃষ্ট বিশ্ৰামস্থল!
.
২২:৩৯
أُذِنَ لِلَّذِينَ يُقَاتَلُونَ بِأَنَّهُمْ ظُلِمُوا ۚ وَإِنَّ اللَّهَ عَلَىٰ نَصْرِهِمْ لَقَدِيرٌ
যুদ্ধৰ অনুমতি দিয়া হ’ল তেওঁলোকক যিসকলে আক্ৰান্ত হৈছে, কাৰণ তেওঁলোকক নিৰ্যাতন কৰা হৈছে। নিশ্চয় আল্লাহে তেওঁলোকক সহায় কৰিবলৈ সম্যক সক্ষম;
.
২৭:৮০
إِنَّكَ لَا تُسْمِعُ الْمَوْتَىٰ وَلَا تُسْمِعُ الصُّمَّ الدُّعَاءَ إِذَا وَلَّوْا مُدْبِرِينَ
নিশ্চয় তুমি মৃতক শুনাব নোৱাৰিবা, আৰু বধিৰকো আহ্বান শুনাব নোৱাৰিবা, যেতিয়া সিহঁতে পিঠি দেখুৱাই গুচি যায়।
.
৩৯:৪১
إِنَّا أَنْزَلْنَا عَلَيْكَ الْكِتَابَ لِلنَّاسِ بِالْحَقِّ ۖ فَمَنِ اهْتَدَىٰ فَلِنَفْسِهِ ۖ وَمَنْ ضَلَّ فَإِنَّمَا يَضِلُّ عَلَيْهَا ۖ وَمَا أَنْتَ عَلَيْهِمْ بِوَكِيلٍ
নিশ্চয় আমি মানুহৰ বাবে তোমাৰ প্ৰতি যথাযথভাৱে কিতাব অৱতীৰ্ণ কৰিছো, এতেকে যিয়ে সৎপথ অৱলম্বন কৰে সি নিজৰ কল্যাণৰ বাবেই কৰে আৰু যিয়ে বিপথগামী হয় সি নিজৰ ধ্বংসৰ বাবেই হয়, আৰু তুমি সিহঁতৰ ওপৰত তত্ত্বাৱধায়ক নহয়।
.
৫৬:৭৯
لَا يَمَسُّهُ إِلَّا الْمُطَهَّرُونَ
পৱিত্ৰসকলৰ বাহিৰে আন কোনোৱে ইয়াক স্পৰ্শ কৰিব নোৱাৰে।
.
৭৩:১৯
إِنَّ هَٰذِهِ تَذْكِرَةٌ ۖ فَمَنْ شَاءَ اتَّخَذَ إِلَىٰ رَبِّهِ سَبِيلًا
নিশ্চয় এইটো এটা উপদেশ, এতেকে যিয়ে ইচ্ছা কৰে সি নিজ প্ৰতিপালকৰ পথ অৱলম্বন কৰক।
.
arranged, syedraf.
Comments
Post a Comment