As.tran.

22:28, 22:36, 5:8
২২:২৮
لِيَشْهَدُوا مَنَافِعَ لَهُمْ وَيَذْكُرُوا اسْمَ اللَّهِ فِي أَيَّامٍ مَعْلُومَاتٍ عَلَىٰ مَا رَزَقَهُمْ مِنْ بَهِيمَةِ الْأَنْعَامِ ۖ فَكُلُوا مِنْهَا وَأَطْعِمُوا الْبَائِسَ الْفَقِيرَ
‘যাতে তেওঁলোকে নিজৰ কল্যাণৰ ঠাইবোৰত উপস্থিত হ’ব পাৰে আৰু আল্লাহে তেওঁলোকক চতুষ্পদ জন্তুৰ পৰা যিবোৰ জীৱিকা হিচাপে দান কৰিছে সেইবোৰৰ ওপৰত নিৰ্দিষ্ট দিনবোৰত আল্লাহৰ নাম উচ্চাৰণ কৰিব পাৰে। সেয়ে তোমালোকে তাৰ পৰা নিজে খোৱা আৰু দুখীয়া-নিচলা, অভাৱগ্ৰস্তক আহাৰ কৰোৱা।
.
২২:৩৬
وَالْبُدْنَ جَعَلْنَاهَا لَكُمْ مِنْ شَعَائِرِ اللَّهِ لَكُمْ فِيهَا خَيْرٌ ۖ فَاذْكُرُوا اسْمَ اللَّهِ عَلَيْهَا صَوَافَّ ۖ فَإِذَا وَجَبَتْ جُنُوبُهَا فَكُلُوا مِنْهَا وَأَطْعِمُوا الْقَانِعَ وَالْمُعْتَرَّ ۚ كَذَٰلِكَ سَخَّرْنَاهَا لَكُمْ لَعَلَّكُمْ تَشْكُرُونَ
আৰু উটক আমি আল্লাহৰ নিদৰ্শনসমূহৰ মাজত অন্যতম নিদৰ্শন বনাইছো, তোমালোকৰ বাবে তাৰ মাজত বহুতো কল্যাণ আছে। সেয়ে এখন ভৰি বান্ধি থোৱা আৰু বাকী তিনিখন ভৰিত থিয় দি থকা অৱস্থাত তোমালোকে তাৰ ওপৰত আল্লাহৰ নাম উচ্চাৰণ কৰা। তাৰ পিছত যেতিয়া সিহঁত কাতি হৈ পৰি যায়, তেতিয়া তোমালোকে তাৰ পৰা (মাংস) খোৱা আৰু আহাৰ কৰোৱা ধৈৰ্যশীল অভাৱগ্ৰস্তৰ লগতে সাহায্যপ্ৰাৰ্থীসকলক; এইদৰেই আমি সেইবোৰক তোমালোকৰ বশীভূত কৰি দিছো যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।
.
৫:৮
يَا أَيُّهَا الَّذِينَ آمَنُوا كُونُوا قَوَّامِينَ لِلَّهِ شُهَدَاءَ بِالْقِسْطِ ۖ وَلَا يَجْرِمَنَّكُمْ شَنَآنُ قَوْمٍ عَلَىٰ أَلَّا تَعْدِلُوا ۚ اعْدِلُوا هُوَ أَقْرَبُ لِلتَّقْوَىٰ ۖ وَاتَّقُوا اللَّهَ ۚ إِنَّ اللَّهَ خَبِيرٌ بِمَا تَعْمَلُونَ
হে মুমিনসকল! আল্লাহৰ উদ্দেশ্যে ন্যায় সাক্ষ্যদানত তোমালোকে অবিচল থাকিবা, কোনো সম্প্ৰদায়ৰ প্ৰতি শত্ৰুতাই তোমালোকক যাতে সুবিচাৰ বৰ্জনত প্ৰৰোচিত নকৰে। তোমালোকে সুবিচাৰ কৰিবা, এইটোৱেই তাক্বৱাৰ অধিক নিকটৱৰ্তী। তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় তোমালোকে যি কৰা আল্লাহ সেই বিষয়ে সম্যক অৱহিত।
.

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.