29:51 including so-called Hadiths.

২৯:৫১
أَوَلَمْ يَكْفِهِمْ أَنَّا أَنْزَلْنَا عَلَيْكَ الْكِتَابَ يُتْلَىٰ عَلَيْهِمْ ۚ إِنَّ فِي ذَٰلِكَ لَرَحْمَةً وَذِكْرَىٰ لِقَوْمٍ يُؤْمِنُونَ
এইটো সিহঁতৰ বাবে যথেষ্ট নহয়নে যে, আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছো, যিখন সিহঁতৰ ওচৰত পাঠ কৰা হয়। নিশ্চয় ইয়াত অনুগ্ৰহ আৰু উপদেশ আছে সেই সম্প্ৰদায়ৰ বাবে, যিসকলে ঈমান পোষণ কৰে।
১. বুজা গ’ল যে, কোৰআনে কাৰীমক মনোযোগ সহকাৰে পঢ়িলেহে উপকাৰ হয় আৰু আল্লাহেও এনেকুৱা লোকক ভালপায়। এতেকে হাদীছত আহিছে, আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুল চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছেঃ আল্লাহ তা‘আলাই কোনো বিষয়ৰ প্ৰতি এনেদৰে কাণ লগাই মনোযোগ সহকাৰে নুশুনে যিদৰে তেখেতে নবীৰ সুমধুৰ তিলাৱত শ্ৰৱণ কৰে। ছুফিয়ান ইবনে উয়াইনা ৰাহিমাহুল্লাহে কৈছেঃ কোৰআনেই তেওঁৰ বাবে যথেষ্ট। (ছহীহ বুখাৰী, কিতাব ফাজাইলুল কোৰআন, পৰিচ্ছেদঃ ১৯, হাদীছ নং ৫০২৪)
আন এটা বৰ্ণনাত আছে,আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছেঃ দুই ধৰণৰ ব্যক্তিৰ ওপৰত ঈৰ্ষা কৰিব পাৰি। প্ৰথম সেইজন ব্যক্তি, যাক আল্লাহ তা‘আলাই কোৰআনৰ শিক্ষা দান কৰিছে আৰু তেওঁ সেয়া দিনে-ৰাতি তিলাৱত কৰে। আৰু সেয়া দেখি তেওঁৰ প্ৰতিৱেশীসকলে কয়, হায়! আমাক যদি এনেকুৱা জ্ঞান দিয়া হ’লহেঁতেন, যিদৰে অমুকক দিয়া হৈছে, তেন্তে আমিও তেওঁৰ দৰে ‘আমল কৰিলোহেঁতেন। দ্বিতীয়জন হৈছে সেই ব্যক্তি, যাক আল্লাহে সম্পদ দান কৰিছে আৰু তেওঁ নিজৰ সম্পদ সত্য আৰু ন্যায়ৰ পথত খৰচ কৰে। এই অৱস্থা দেখি কোনোবাই এনেকৈ কব পাৰে যে, হায়! মোক যদি অমুক ব্যক্তিৰ দৰে সম্পদ দিয়া হ’লহেঁতেন, তেন্তে তেওঁ যিদৰে ব্যয় কৰিছে, ময়ো তেনেদৰে ব্যয় কৰিলোহেঁতেন। (ছহীহ বুখাৰী, কিতাব ফাজাইলুল কোৰআন, পৰিচ্ছেদঃ ১৯, হাদীছ নং ৫০২৬)
...ooo...

Comments