Ref.verse-4:128 translation
2:228, 4:3, 4:19, 4:35, 4:128, 33:49, 58:1, 65:1.
.
২:২২৮
وَالْمُطَلَّقَاتُ يَتَرَبَّصْنَ بِأَنْفُسِهِنَّ ثَلَاثَةَ قُرُوءٍ ۚ وَلَا يَحِلُّ لَهُنَّ أَنْ يَكْتُمْنَ مَا خَلَقَ اللَّهُ فِي أَرْحَامِهِنَّ إِنْ كُنَّ يُؤْمِنَّ بِاللَّهِ وَالْيَوْمِ الْآخِرِ ۚ وَبُعُولَتُهُنَّ أَحَقُّ بِرَدِّهِنَّ فِي ذَٰلِكَ إِنْ أَرَادُوا إِصْلَاحًا ۚ وَلَهُنَّ مِثْلُ الَّذِي عَلَيْهِنَّ بِالْمَعْرُوفِ ۚ وَلِلرِّجَالِ عَلَيْهِنَّ دَرَجَةٌ ۗ وَاللَّهُ عَزِيزٌ حَكِيمٌ
আৰু তালাক্বপ্ৰাপ্তা স্ত্ৰীসকলে তিনি কুৰূ লৈকে অপেক্ষাত থাকিব, আৰু সিহঁতে যদি আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান ৰাখে তেন্তে সিহঁতৰ গৰ্ভাশয়ত আল্লাহে যি সৃষ্টি কৰিছে সেয়া গোপন কৰা সিহঁতৰ বাবে বৈধ নহয়; আৰু যদি সিহঁতে সংশোধন বিচাৰে তেন্তে এই বিষয়ে পুনৰ গ্ৰহণৰ বেছি হকদাৰ সিহঁতৰ স্বামীৰ; আৰু নাৰীসকলৰ তেনেকৈ ন্যায়সংগত অধিকাৰ আছে যেনেকৈ সিহঁতৰ ওপৰত পুৰুষসকলৰ অধিকাৰ আছে; আৰু নাৰীসকলৰ ওপৰত পুৰুষসকলৰ মৰ্যাদা আছে; আল্লাহ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।
.
৪:৩
وَإِنْ خِفْتُمْ أَلَّا تُقْسِطُوا فِي الْيَتَامَىٰ فَانْكِحُوا مَا طَابَ لَكُمْ مِنَ النِّسَاءِ مَثْنَىٰ وَثُلَاثَ وَرُبَاعَ ۖ فَإِنْ خِفْتُمْ أَلَّا تَعْدِلُوا فَوَاحِدَةً أَوْ مَا مَلَكَتْ أَيْمَانُكُمْ ۚ ذَٰلِكَ أَدْنَىٰ أَلَّا تَعُولُوا
আৰু যদি তোমালোকে আশংকা কৰা যে, ইয়াতীম ছোৱালীসকলৰ প্ৰতি তোমালোকে সুবিচাৰ কৰিব নোৱাৰিবা, তেন্তে তোমালোকৰ ৰুচি অনুযায়ী নাৰীসকলৰ মাজৰ পৰা দুজনী, তিনিজনী অথবা চাৰিজনীক বিবাহ কৰা; আৰু যদি আশংকা কৰা যে, (সিহঁতৰ মাজত) সুবিচাৰ কৰিব নোৱাৰিবা তেনেহ’লে এজনীকেই (বিবাহ কৰা) অথবা তোমালোকৰ অধিকাৰভুক্ত দাসীকেই গ্ৰহণ কৰা। অবিচাৰ কৰাৰ পৰা বচাৰ এইটোৱেই সম্ভৱপৰ উপায়।
.
৪:১৯
يَا أَيُّهَا الَّذِينَ آمَنُوا لَا يَحِلُّ لَكُمْ أَنْ تَرِثُوا النِّسَاءَ كَرْهًا ۖ وَلَا تَعْضُلُوهُنَّ لِتَذْهَبُوا بِبَعْضِ مَا آتَيْتُمُوهُنَّ إِلَّا أَنْ يَأْتِينَ بِفَاحِشَةٍ مُبَيِّنَةٍ ۚ وَعَاشِرُوهُنَّ بِالْمَعْرُوفِ ۚ فَإِنْ كَرِهْتُمُوهُنَّ فَعَسَىٰ أَنْ تَكْرَهُوا شَيْئًا وَيَجْعَلَ اللَّهُ فِيهِ خَيْرًا كَثِيرًا
হে ঈমান্দাৰসকল! বলপূৰ্বকভাৱে নাৰীসকলৰ উত্তৰাধিকাৰ হোৱা তোমালোকৰ বাবে বৈধ নহয়। তোমালোকে সিহঁতক যি প্ৰদান কৰিছা তাৰ পৰা কিছু অংশ আত্মসাৎ কৰাৰ উদ্দেশ্যে সিহঁতক অৱৰুদ্ধ কৰি নাৰাখিবা, কিন্তু যদি সিহঁতে স্পষ্ট বেয়া আচৰণ কৰে (তেন্তে সেইটো সুকীয়া কথা)। আৰু তোমালোকে সিহঁতৰ লগত সৎভাৱে জীৱন যাপন কৰিবা; তোমালোকে যদি সিহঁতক অপছন্দ কৰা তেন্তে এনেকুৱাও হ’ব পাৰে যে, য'ত আল্লাহে বহু কল্যাণ নিহিত কৰি ৰাখিছে, অথচ তোমালোকে তাকেই অপছন্দ কৰি আছা।
.
৪:৩৫
وَإِنْ خِفْتُمْ شِقَاقَ بَيْنِهِمَا فَابْعَثُوا حَكَمًا مِنْ أَهْلِهِ وَحَكَمًا مِنْ أَهْلِهَا إِنْ يُرِيدَا إِصْلَاحًا يُوَفِّقِ اللَّهُ بَيْنَهُمَا ۗ إِنَّ اللَّهَ كَانَ عَلِيمًا خَبِيرًا
আৰু যদি তোমালোকে সিহঁত উভয়ৰ মাজত বিৰোধ আশংকা কৰা তেন্তে তোমালোকে স্বামীৰ পৰিয়ালৰ পৰা এজন আৰু স্ত্ৰীৰ পৰিয়ালৰ পৰা এজন বিচাৰক নিযুক্ত কৰা; সিহঁত উভয়ে যদি নিষ্পত্তি বিচাৰে তেন্তে আল্লাহে সিহঁতৰ মাজত মীমাংসাৰ অনুকূল অৱস্থা সৃষ্টি কৰি দিব। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সবিশেষ অৱহিত।
.
৪:১২৮
وَإِنِ امْرَأَةٌ خَافَتْ مِنْ بَعْلِهَا نُشُوزًا أَوْ إِعْرَاضًا فَلَا جُنَاحَ عَلَيْهِمَا أَنْ يُصْلِحَا بَيْنَهُمَا صُلْحًا ۚ وَالصُّلْحُ خَيْرٌ ۗ وَأُحْضِرَتِ الْأَنْفُسُ الشُّحَّ ۚ وَإِنْ تُحْسِنُوا وَتَتَّقُوا فَإِنَّ اللَّهَ كَانَ بِمَا تَعْمَلُونَ خَبِيرًا
যদি কোনো স্ত্ৰীয়ে তাইৰ স্বামীৰ দুৰ্ব্যৱহাৰ অথবা উপেক্ষাৰ আশংকা কৰে তেন্তে সিহঁত উভয়ে আপোচ-নিষ্পত্তি কৰিব বিচাৰিলে সিহঁতৰ কোনো গুণাহ নাই; আৰু আপোচ-নিষ্পত্তি কৰাটোৱেই শ্ৰেয়। মানুহৰ অন্তৰত লোভণীয় কৃপণতা আছে। যদি তোমালোকে সৎকৰ্মপৰায়ণ হোৱা আৰু মুত্তাক্বী হোৱা, তেন্তে তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহেতো জানেই।
.
৩৩:৪৯
يَا أَيُّهَا الَّذِينَ آمَنُوا إِذَا نَكَحْتُمُ الْمُؤْمِنَاتِ ثُمَّ طَلَّقْتُمُوهُنَّ مِنْ قَبْلِ أَنْ تَمَسُّوهُنَّ فَمَا لَكُمْ عَلَيْهِنَّ مِنْ عِدَّةٍ تَعْتَدُّونَهَا ۖ فَمَتِّعُوهُنَّ وَسَرِّحُوهُنَّ سَرَاحًا جَمِيلًا
হে ঈমান্দাৰসকল! যেতিয়া তোমালোকে মুমিন নাৰীসকলক বিয়া কৰিবা, তাৰ পিছত সিহঁতক স্পৰ্শ কৰাৰ আগতে তালাক দিলে তোমালোকৰ বাবে সিহঁতৰ পালনীয় কোনো ইদ্দত নাই যিটো তোমালোকে গণনা কৰা। এতেকে তোমালোকে সিহঁতক অলপ সামগ্ৰী প্ৰদান কৰিবা আৰু সৌজন্যৰ সৈতে সিহঁতক বিদায় কৰিবা।
.
৫৮:১
قَدْ سَمِعَ اللَّهُ قَوْلَ الَّتِي تُجَادِلُكَ فِي زَوْجِهَا وَتَشْتَكِي إِلَى اللَّهِ وَاللَّهُ يَسْمَعُ تَحَاوُرَكُمَا ۚ إِنَّ اللَّهَ سَمِيعٌ بَصِيرٌ
আল্লাহে নিশ্চয় শুনিছে সেই নাৰীৰ কথা; যিয়ে তাইৰ স্বামীৰ বিষয়ে তোমাৰ লগত বাদানুবাদ কৰি আছিল আৰু আল্লাহৰ ওচৰত অভিযোগ কৰি আছিল। আল্লাহে তোমালোক দুয়োৰে কথোপকথন শুনিছে; নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।
.
৬৫:১
يَا أَيُّهَا النَّبِيُّ إِذَا طَلَّقْتُمُ النِّسَاءَ فَطَلِّقُوهُنَّ لِعِدَّتِهِنَّ وَأَحْصُوا الْعِدَّةَ ۖ وَاتَّقُوا اللَّهَ رَبَّكُمْ ۖ لَا تُخْرِجُوهُنَّ مِنْ بُيُوتِهِنَّ وَلَا يَخْرُجْنَ إِلَّا أَنْ يَأْتِينَ بِفَاحِشَةٍ مُبَيِّنَةٍ ۚ وَتِلْكَ حُدُودُ اللَّهِ ۚ وَمَنْ يَتَعَدَّ حُدُودَ اللَّهِ فَقَدْ ظَلَمَ نَفْسَهُ ۚ لَا تَدْرِي لَعَلَّ اللَّهَ يُحْدِثُ بَعْدَ ذَٰلِكَ أَمْرًا
হে নবী (কোৱা), তোমালোকে যেতিয়া স্ত্ৰীসকলক তালাক দিবা, তেতিয়া সিহঁতক সিহঁতৰ ইদ্দতৰ প্ৰতি লক্ষ্য ৰাখি তালাক দিবা আৰু তোমালোকে ইদ্দতৰ হিচাপ ৰাখিবা; আৰু তোমালোকৰ প্ৰতিপালক আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। তোমালোকে সিহঁতক সিহঁতৰ ঘৰৰ পৰা বহিষ্কাৰ নকৰিবা আৰু সিহঁত নিজেও বাহিৰ নহ’ব, যদি সিহঁতে কোনো স্পষ্ট অশ্লীলতাত লিপ্ত নহয়। এইবোৰ আল্লাহৰ নিৰ্ধাৰিত সীমাৰেখা; আৰু যিয়ে আল্লাহৰ সীমাৰেখা লঙ্ঘন কৰে সি নিজৰ ওপৰত অত্যাচাৰ কৰে। তুমি নাজানা, সম্ভৱত আল্লাহে ইয়াৰ পিছত কোনো উপায় উদ্ভাৱন কৰি দিব।
....ooo.... arranged,raf
Comments
Post a Comment